শঙ্কৰে বোলে আধা মাটি ছাড়া। সেহিখিনি কালে হৰি কীৰ্ত্তন আচৰা॥
শুনি দামোদৰ সেহিমতে আচৰিল। তিনি হালিচাৰ ধানে সম্পূৰ্ণ আটিল॥
দিনে দিনে নাম গাইৰে আসিলা যখন। পাপ দূৰ হইয়া তান শুদ্ধ ভৈলা
মন॥এক দিনা দামোদৰে কৰিয়া বিনয়। শঙ্কৰদেৱক নাম প্ৰাৰ্থনা
কৰয়॥ শৰণ লৈবাক লাগি কৰিলোঁ নিশ্চয়। কৃপা কৰি শৰণ কৰায়ো
দয়াময়॥ বদতি শঙ্কৰ তুমি বাহ্মণ প্ৰধান। তোমাক শৰণ দিবে নুহিকে
বিধান॥ শুনি দামোৰে কহে তুমি নৰোত্তম। ঈশ্বৰৰ অংশ ভৈলা
সবাতো উত্তম॥ বিপ্ৰ ভট্টাচাৰ্য্য যত কন্দলি ব্ৰাহ্মণ। সি সবো তোমাত
গুৰু লৈয়াছে শৰণ॥ তোমাৰ প্ৰভাৱ তাৰা সবে কহিলন্ত। তুমি
দেৱ ঈশ্বৰ সাক্ষাতে ভগৱন্ত॥ নকৰিও আশা ভঙ্গ পুৰাতন দাস। দিওক
শৰণ আমি কৰি আছে আশ॥” এই কথা শুনি শঙ্কৰদেৱে “পাছে
ভাগৱত আনি কইল স্থাপন। শাস্ত্ৰে দণ্ডৱত কৰাই দিলন্ত শৰণ।
ইয়াৰ পিছত শঙ্কৰদেৱে তেওঁক কলে “শুনা দামোদৰ মোৰ আদেশ শুনিয়ো।
ব্ৰাহ্মণ সবক তুমি শৰণ কৰায়ো ॥ এহি বুলি তাঙ্ক মূৰ্ত্তি ভাগৱত দিল।
দেৱদামোদৰ নাম সেহি দিনা ভৈলা॥ ” *
“হেন শুনি দ্বিজবৰে, বলিলন্ত অনন্তৰে
প্ৰণামিয়া শঙ্কৰৰ পাৱে।
কিনো অনুগ্ৰহ মোক কৰিলাহা বাপ তুমি,
ভকতক কৰুণা স্বভাৱে॥
যিটো দেৱ ভগৱন্ত নাই যাৰ আদি অন্ত
সেহি তুমি জানিলা সাক্ষাত।
তুমি বিনে নাহি আৰু কহিলোঁহো সাৰেসাৰ
লৈলোঁ দেৱ শৰণ তোমাত॥
তুমি মোৰ গুৰু নিষ্ট দেৱতা পৰম ইষ্ট
তুমি বিনে নাই মোৰ আন।
অনেক জনৰ মোৰ দুৰ্ব্বাসনা গুচায়োক
ভকতি প্ৰদীপ দিয়া দান॥"
-ৰামচৰণ ঠাকুৰ বিৰচিত “আদি গুৰুচৰিত”
- দামোদৰীয়াসকলৰ দ্বাৰাই ৰচিত “গুৰুলীলা” আদি পুথিত দামোদৰদেৱৰ বিষয়ে
বৃত্তান্ত আন প্ৰকাৰে বিবৃত হৈছে। পিছৰ এক অধ্যায়ত আমি সেই বিষয়ে লেখিছোঁ।