পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পঞ্চদশ অধ্যায়

দেৱদামোদৰ

 পাটবাউসী থানৰ পূব প্ৰদেশত দামোদৰ নামে এজন দুখীয়া বিপ্ৰ আছিল। দামোদৰৰ গৃহত পাঁচোটি প্ৰাণী। তেওঁ ছ-হালিচা মাটি কোৰেৰে চহাই ধানৰ খেতি কৰি অতি কষ্টেৰে জীৱন-যাত্ৰা নিৰ্বাহ কৰে। তেওঁ প্ৰতিদিন পুৱা ধানৰ পথাৰলৈ যাওঁতে শঙ্কৰদেৱৰ পদু লিয়েদি যায়, আৰু শঙ্কৰদেৱব ভক্তসকলে নাম কীৰ্তন কৰা, পদুলিত থিয় দি শুনি থাকে। এইদৰে কেইবা দিনো তেওঁ নাম শুনাৰ পিছত, এদিন ভকত এজনে শঙ্কৰ- দেৱক এই কথা জনালত, শঙ্কৰদেৱে তেওঁক মতাই নিয়াই, কিয় তেওঁ সেইদৰে পদূলিত ৰৈ থাকে শুধিলে। তেওঁ কলে মই নাম-প্ৰসঙ্গ শুনি থাকে৷-“খেতৰ কাৰণে আসিবাৰ কাল নাই॥ শঙ্কৰে শোধয় মাটি কত খানি ৰোৱা। কত ধান লাগে তাক প্ৰপঞ্চিমা কোৱা। দামোদৰে কহিলন্ত সবিনয় হুই। ছয় মাস যায় ধানে আৰু ভিক্ষা চায়॥” এই কথা শুনি “শঙ্কৰে দিলন্ত চাউল সিধা এক গুটি। দামোদৰে “সিধা লৈয়া গৈয়া পাছে মাতৃক দিলন্ত। মাতৃ বোলে এহি চাউল কাক আটিবন্ত॥ দামোদৰে বোলে চাউল আৱব নালাগে। অৱশ্যে আটিব এই জানা বৰ ভাগে॥ পাছে মন কষ্টে দেৰী চাউল সিজাইলন্ত। বাঢ়ি দেন্তে অৰ্দ্ধমাত্ৰে ভোক গুচিলন্ত॥ অৰ্দ্ধেক চৰুত ৰৈলা দেখি আচৰিত। দামোদৰে বোলে কথা নোহে অদভুত॥ ঈশ্বৰৰ অংশ আসি আছন্ত শঙ্কৰ। তাহান কৃপায়ে অন্ন ভৈলন্ত বিস্তৰ॥ ভোজন কৰিয়া দামোদৰ দ্বিজবৰ। ভাটীবেলা ভৈলে আইলা শঙ্কৰ ওচৰ॥ শঙ্কৰে শুধিলা কিবা ভোজন ভৈলেক। দামোদৰে বোলে তযু কৃপা অতিৰেক॥ পঞ্চগুটি প্ৰাণী চাউল লাগে দশ কঠা। তোমাৰ সিধায়ে ভৈল অক্ষয় সৰ্ব্বথা॥ অৰ্দ্ধেক আটিল আধা চৰুতে থাকিল। পাঞ্চ কঠা চাউলে বাপ অতখিনি ভৈল॥ হাসিয়া