পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 হৰি নামে এজন ব্ৰাহ্মণ আৰু এখন গ্ৰামত আছিল,তেওঁ দামোদৰদেৱৰ মুখে শঙ্কৰদেৱৰ কথা শুনি “দেখিবাক প্ৰতি সিটো কৰি অভিলাষ। পাছে আসিলন্ত তেহো শঙ্কৰৰ পাশ॥ শঙ্কৰে বোলন্ত দ্বিজ কিসক আসিলা। হৰিগুৰু অৱনতে কহিবে লাগিলা॥ হৰি দেৱতাত মোৰ মন লাগিছয়। আন সব দেৱ তান অংশ মাত্ৰ হয়॥ হৰি বিন নাই নাই মুকুতি দায়ক। বিচাৰি দেখিলো অমি সকল শাস্ত্ৰক॥ বৈষ্ণৱত বিনে আন উপদেশ দাতা॥ নাহিকে জানোহো তুমি ভৈলা মোক্ষদাতা॥ শৰণ কৰায়ো মোক কৰিও উদ্ধাৰ। তুমি ভকতৰ গুৰু জানি আছে৷ সাৰ॥” এই বুলি হৰি গুৰুৱে এই শ্লোকটিমাতিলে-

“অবৈষ্ণবোপদেশেন মন্ত্ৰেন নিৰয়ং বুজেৎ।
পুনশ্চ বিধিনা সম্যক গ্ৰাহয়েৎ বৈষ্ণৱ গুৰুঃ॥”

 “শুনি তুষ্টমনে গুৰু শৰণ কৰাইলা। পাছে হৰিগুৰু মহা কৃতকৃত্য ভৈলা॥”