লোক শঙ্কৰদেৱৰ ওচৰত ওলালত, শঙ্কৰদেৱে, সেইদিনা তেওঁলোকে প্ৰসঙ্গ
সময়ত উপস্থিত হব নোৱাৰাৰ কাৰণ শুনিবলৈ পাই দুখ কৰি কলে “আনে
নামৰ পৰীক্ষা কৰে, কৰে, কিন্তু মোৰ ভাই বঙহেও মোৰ পৰীক্ষা কৰে।”
ভকতনীসকলে কলে “বাপ, তেওঁলোকৰ গতি দেখি আমাৰ ইমান ভয়
হৈছিল যে আমাৰ মৰণ ওচৰতে বুলি আমি ভাবিব লগীয়াত পৰিছিলো,
সেইদেখিহে তেনে কাম কৰা হল।”
কোচবিহাৰৰ ৰজা নৰনাৰায়ণ বা মল্ল নাৰায়ণ ৰজাৰ সভাৰ পণ্ডিত দলৈ জ্যোতিষীয়াই পুথি-পাজী চাই ৰজাক কলে যে তেওঁৰ বেহাৰ নগৰত শনিৰ দৃষ্টি পৰিছে, সেইদেখি তাক এৰি সত্বৰে আন ঠাইলৈ নগলে বিপদ ঘটিব। নৰনাৰায়ণে এই কথা শুনি ভয় খাই, নিজ ৰাজ্য কোচবিহাৰ এৰি আসাম ৰজাৰ ৰাজ্য কামৰূপলৈ আহি তাত বৰনগৰ নামে এখন নগৰ পাতি ৰল। এই কথা আসাম ৰজাই শুনি ক্ৰোধ কৰি নৰনাৰায়ণৰ বিপক্ষে যুদ্ধ সজ্জা কৰি ফৌজ পঠিয়ালে। যুদ্ধত নৰনাৰায়ণৰ ৰজাৰ ভায়েক প্ৰধান সেনাপতি চিলাৰায় দেৱানে আহোম ফৌজক হৰুৱাই জয় লাভ কৰিলে। যুদ্ধৰ পিছত চামধৰা গৰ আহোম ৰজাৰ ৰাজ্যৰ আৰু কোচৰজা নৰনাৰায়ণৰ ৰাজ্যৰ সীমা নিৰ্ধাৰিত হল।
শঙ্কৰদেৱৰ ভায়েক ৰামৰায়ৰ এটী অতি বিতোপন কন্যা আছিল, নাম ভুবনেশ্বৰী। এদিন ভুবনেশ্বৰীয়ে গা ধোওঁতে নৰনাৰায়ণৰ ভায়েক চিলাৰায় দেৱানে তেওঁক দেখি মোহ গৈ সেই কন্যাক বিবাহ কৰিবৰ ইচ্ছা কৰি, তেওঁ কাৰ জীয়েক, সেইটোৰ ভু লৈ, কন্যাক লৈ যাবলৈ ৰামৰায়ৰ ওচৰলৈ দুত পঠালে। ৰামৰায়ে লৰি আহি শঙ্কৰদেৱক এই বিপদৰ কথা জনাই, কি কৰিম বুলি শুধিলত, শঙ্কৰদেৱে ভালেখিনি পৰ ভাবি, ভায়েকক কলে, “বোপা, আৰু খেদ কৰিলে কি হব, পূৰ্বৰ লিখিত অৱশ্যে হবই; ছোৱালী নিদিলে দেৱানে বলেৰে ধৰাই লৈ যাব, আৰু আমাক নানা লটিঘটি কৰিব; এতেকে ছোৱালী দিম বুলি সন্মতি জনাই দেৱানেৰে সৈতে মিত্ৰতা কৰাই ভাল।” ককায়েকৰ এই পৰামৰ্শ শুনি ৰামৰায়ে দেৱানলৈ ছোৱালীটি দিম বুলি কৈ পঠিয়াই, লৈ গৈ বিয়া দি আহিল। শুক্লধ্বজে ৰীতি মতে ভুবনেশ্বৰীক বিবাহ কৰাই শহুৰেকক নানা দ্ৰৱ্য বস্তু দি সন্তোষিত কৰি পঠিয়ালে আৰু শঙ্কৰদেৱৰ প্ৰতিও বৰ সন্তুষ্ট হল।
⸻