মাধৱদেৱৰ প্ৰাৰ্থনাত ৰামৰায়ৰ জগৰ ভাগিছে। শঙ্কৰদেৱৰ অব্যভিচাৰী
একশৰণ ধৰ্ম্মৰ মূলত আঘাত পৰাত তেওঁ ব্যভিচাৰীৰ প্ৰতি কেনে কথোৰ
ভাৱে শাসনদণ্ড হাতত লৈছিল, এই ঘটনাই তাৰ জ্বাজ্জল্য উদাহৰণ।
ব্ৰাহ্মণ গৰমলি এজন পৰম দেবীপূজক আছিল। তেওঁ নানা প্ৰকাৰে দেবীৰ পূজা কৰি যথাসৰ্বস্ব দেবীৰ পূজাৰ অৰ্থে ব্যয় কৰি শেহত অন্ধ- বিশ্বাসত অভিভূত হৈ নিজৰ হাতেৰে নিজৰ বুকু ছিৰি ৰক্ত পৰ্য্যন্ত দেবীৰ আগত সমৰ্পণ কৰিছিল। তথাপি তেওঁ শান্তি নাপাই, ৰোগ দুখ আৰু শৰীৰৰ কত যন্ত্ৰণাত অত্যন্ত কষ্ট পাই প্ৰাণ পৰিত্যাগ কৰিবৰ নিমিত্তে ৰাজ আলিৰ কাষত মুৰ্চ্ছিত হৈ পৰি আছিল। সেই বাটেই দিনৌ মাধৱদেৱ শঙ্কৰদেৱৰ ওচৰলৈ যায়। সেই হৃদয়বিদাৰক অৱস্থাত চট্ফট্ আৰু কাউ- বাও কৰি থকা মানুহজনক মাধৱদেৱে দেখি মধুৰ বাক্যেৰে তেওঁক সান্তনা কৰি তেওঁৰ ক্ষত স্থানবোৰ ধুৱাই-পখলাই তাত ঔষধ আৰু তুলা দি, তেওঁক ক্ষুদ্ৰ দেবদেবীক পৰিত্যাগ কৰি শঙ্কৰদেৱৰ ওচৰলৈ গৈ কৃষ্ণৰ চৰণত শৰণ লবলৈ কলে। বাহ্মণে তাকে নিশ্চয় কৰি সাৰৰোগত কৰি ললত, মাধৱদেৱে তেওঁক স্নান কৰাই, তেওঁৰ ঘাত নিজ হাতে তুলা আৰু তেল দি তেওঁক শঙ্কৰদেৱৰ ওচৰলৈ গৈ গলত শঙ্কৰক তেওঁ গুৰু মানি মন থিৰ কৰিলত শঙ্কৰদেৱে তেওঁক এক ঈশ্বৰত শৰণ দিলে। তেতিযাৰেপৰা বাহ্মণে মানসিক আৰু শাৰীৰিক ব্যাধিৰ হাত এৰাই নিৰুজ হৈ শান্তি লাভ কৰিলে।
সাতজনী বুঢ়ী ভকতনীয়ে নিতৌ তাঁতীকুঁচিৰপৰা শঙ্কৰদেৱৰ ওচৰলৈ নাম প্ৰসঙ্গ কৰিবলৈ আহে। এদিন হাথীয়া দলৈকে আদি কৰি জনচেৰেক শঙ্কৰ-বিদ্বেষী জাতিয়ে তেওঁলোকক বাটত পাই আগুৰি ধৰি শুধিলে “তোমা- লোক কলৈ যোৱ।?” তেওঁলোকে উত্তৰ দিলে “আমি শঙ্কৰদেৱৰ ওচৰলৈ নাম-প্ৰসঙ্গ কৰিবলৈ যাওঁহক।' এই কথা শুনি সেই দুৰ্দান্ত কেইজনে বুঢ়ীসকলক কলে তোমালোকে নাম লৈ কি কৰিবা? যদি তোমালোকে এই মৰা গৰুটো নামৰ বলেৰে জীয়াই দিয়াব পাৰ, তোমালোক ভকতিৰ চোট বুজিম, আৰু তেহে তোমালোকক যাবলৈ দিম।” বুঢ়ীসকলে সাৰি যাবৰ আন উপায় নেদেখি নিৰুপায় হৈ মৰা গৰুটো বেঢ়ি বহি নাম লবলৈ ধৰিলত, গৰুটো হঠাৎ উঠি লৰ ধৰি কিছু দূৰ গৈ আকৌ পৰি মৰি থাকিল। ইয়াৰ পিছত হে তেওঁলোকে ছাৰণ পাইছে। তাৰ পিছত তেওঁ