পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১০৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰণৰ প্ৰসাদত কোনো বিধিনি নোহোৱাকৈ আহিলোঁ।” এই কথা শুনি শঙ্কৰদেৱে সন্তোষ পাই মাধৱেৰে সৈতে থালৈ উভতি আহিল। মাধৱদেৱৰ আলধৰা মাকলীৰ পুতেক বা গণককুচিত মাধৱদেৱব বহ। বখী হৈ থাকে; মাধৱদেৱ প্ৰতিদিন তাৰপৰা শঙ্কৰদেৱৰ ওচৰলৈ আহোঁতে কেতিয়াবা অকলৈ আহিবলগীযাতও পবে। এদিন মাধৱদেৱ অকলৈ আহোতে বাটত তেওঁক এটা মহে চিবলৈ খেদি আহিছিল। হটোৱে খেদি অহা দেখি মাধৱদেৱে নিভযে তাতে থিয় দি বা দেখি, মহটো সচকিত হৈ দমি গৈ লাহে লাহে তাৰপৰা আতৰি গুচি গল; তাৰ পিছত ধৱদেৱেও লাহে লাহে তাৰপৰা আঁতৰি আহিল। সেইদিন অহাত অলপ পলম হোৱাত শঙ্কৰদেৱে, কি তা পাম হল বুলি মাধৱক শুধিলত মাধৱে সেই মহৰ বৃত্তান্ত কলে। এইকথা শুনি শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰক অজ্ঞা দিলে যে মাধৱব সেৱা শুষ। কবিবলৈ আৰু দিনৌ লগত আহিবলৈ এজন আলব তেওঁক যেন বিচাৰি আনি দিয়া হয়। কাৰ্য- কুশল নাৰাযণে তেতিয়াই মানুহ এজন বিচাৰি গৈ শ্ৰীবাম নামেৰে এজন লোকে পাননিত ধান লই থকা দেখি, তেওঁক আনিলে, শ্ৰীবামেও আনন্দিত মনেৰে আহিল। এই শ্ৰীৰামেই ইয়াৰ পিছৰপৰা শঙ্কৰ মাধৱব অকপট নিস্বাৰ্থ নিৰ্বিকাব নিস্পৃহ মহাভক্ত শ্ৰীৰাম আতা যাব নিৰহ-নিপানী গুৰসেৱা আৰু সংসাবত নিৰ্লিপ্তভাৱে সকলোকে আশ্চৰ্যান্বিত কৰিছিল। ব্যাস কলাই বাপু আৰু তেওঁৰ পুতেক এই দুয়োজন শঙ্কৰদেৱৰ সেৱক, দুয়ো শঙ্কৰদেৱৰ ওচৰত শৰণ লোৱা। দেশত বসন্ত পীড়াৰ প্ৰকোপ হৈ ব্যাস কলাইৰ পুতেক সেই ব্যাধিত পৰিলত, দেবী উপাসক বিপ্ৰসকলে ব্যাস কলাইক বুধি দিলে যে শীতলা পূজা কৰিব লাগে, শীতলা পূজা কবিলে পুত্ৰ নমৰে। ব্যাসকলায়ে সেই কথামতে শীতলা পূজা কৰিলে। এবং পুতেকে বাপেকক হাক দিছিল, তথাপি বাপেকে সেই নিষেবা নুশুনিলে। এই কথা শুনি শঙ্কৰদেৱে তেওঁব জগব ধৰি তেওঁক বৰ্জন কবি এৰিলে। ব্যাসকলাইৰ পুতেক কিন্তু সেই নবীয়াতে মবিল। ইয়াৰ পিছত ব্যাসকলায়ে কাতৰ কৰি ৰামৰায়ক ধৰিলে যাতে শঙ্কৰদেৱে তেওঁৰ দোষ মৰিষণ কৰে। দ্বিজৰ দুখ দেখি বাময়ে ছকুৰি টকা ঈড় শঙ্কৰদেৱৰ আগত থৈ ব্যাকলাইৰ হকে প্ৰাৰ্থনা কৰিলত, শঙ্কৰদেৱে ব্যাসকলাইক না কৰা দূৰত থাকক ৰামৰায়কে বৰ্জন কৰিলে। ছমাহৰ মূৰতহে