এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
W
[ বােবা ৭৪৪
নাম-
নকৰে কীৰ্ত্তন যিটো পামৰ।
সিজন অধীন ভৈল যমৰ । ৭৪৪
হৰি-গুণ-নাম নলৱে মুখে।
যমৰ যাতনা ভুঞ্জিবে দুখে। ৭৪৫
নকৰে কীৰ্ত্তন হৰিনামৰ।
কি কার্যে মনুষ্য ভৈল পামৰ। ৭৪৬
হৰি-কীৰ্তনত নকৰে ৰতি।
পশুতে অধম সিটো কুমতি। ৭৪৭
মুফুৰে সদা হৰি-গুণ গায়।
জানিবা মুহিলে হৰিৰ মায়া ॥ ৭৪৮
হৰি-কীৰ্ত্তনত নেদিলে চিত্ত।
সিটো ভাগা-শুন্য ভৈল বঞ্চিত ॥ ৭৪৯
আত্ম-নিন্দা
তুমি প্রাণ-প্রিয়তম সুহৃদ দেৱ,
প্রাণ-প্রভু পীতাম্বৰ এ
তুমিসে কেৱলে আত্ম মােৰ।
হৰি হৰি তুমিসে পৰম আত্ম মােৰ।
তােমাক নানি জড় মিছা শৰীৰক মই
প্রাণ-প্রভু পীতাম্বৰ এ
আত্মা বুলি ভৈলাে সেৱা-চোৰ।
প্রাণ-বন্ধু কিনা মই অজ্ঞানী দুৰ্ঘোৰ হৰি এ॥ ৭৫০