পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭৫৪
৮৩৯
খেদ


খেদ

দুৰ্ব্বাৰ দুঃসঙ্গ দুর্ব্বাসনা দুষ্ট
হৰি হৰি হৰি হৰি এ
অনাদি অবিদ্যা আপুনি ভৈলাে মােহিত
অনাত্মা দেহক আত্মা-বুদ্ধি কৰি
হৰি হৰি হৰি হৰি এ
তুমি পৰমাত্মা ঈশ্বৰে ভৈলাে বঞ্চিত॥ ৭৫১
আত্যন্তিক সুখ তযু পদ-সেৱা
হৰি হৰি হৰি হৰি এ
সেৱা পৰিহৰি সি মুখে ভৈলাে বঞ্চিত॥ ৭৫২
মায়াময় ঘােৰ সংসাৰ-নিকাৰ
হৰি হৰি হৰি হৰি এ
তাকে মুখ মানি মগ্ন ভৈল মােৰ চিত্ত॥ ৭৫৩
তুমি শুদ্ধ বুদ্ধ নিত্য নির্ম্মল নিগুৰ্ণ দের
মােৰ প্ৰভু নাৰায়ণ এ
স্বৰূপ আনন্দে সদা সুখী।
হৰি হৰি তুমি নিজানন্দে সদা সুখী।
আমি মুঢ়মতি ঘোৰ  অবিদ্যা-সাগৰে মজি
মােৰ প্ৰভু নাৰায়ণ এ
তােক নজানি ভৈলাে দুখী।
হৰি হৰি স্বৰূপ নজানি ভৈলাে দুখী হৰি এ॥ ৭৫৪