পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৰিত বিনাই সৱে কৈতৱ।
ভজ হৰি-পাৱে কৰি উৎসৱ॥ ৭৩৫
ক্ষণিক জীৱন জানি মনাই।
তৰিয়ো সুখে হৰি-গুণ গাই॥ ৭৩৬
দুৰ্ঘোৰ সংসাৰ-নিকাৰ জানি।
নেড়িবা সদা মুখে ৰাম-বাণী॥ ৭৩৭
তেৱেসে হৰিৰ পাইবা আশ্ৰয়।
ভজিয়ো হৰি তেজি লাজ ভয়॥ ৭৩৮
নিগুৰ্ণ হৰিৰ গুণক গায়া।
পৰমানন্দ তেজি পাইবা মায়া॥ ৭৩৯
হৰি-গুণ-নাম নিগম-তত্ত্ব।
মুকুতসৱৰো মুখ্য-সম্মত॥ ৭৪০
জানি হৰি-পাৱে নেড়িয়ো আশ।
কহে মূঢ়মতি মাধৱ দাস॥ ৭৪১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল মন ভাই।
হৰিৰ সন্তোষ হয় গুচয় সংসাৰ-ভয়
হৰি-পদ-সেৱা-সুখ পায় হৰি ৰাম॥ ৭৪২

নিন্দা

হৰি-নামৰ কীৰ্ত্তন-সুখ৷
নজানে যিজন হৰি-বিমুখ॥ ৭৪৩

৫৪