পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৬
[ঘোষা ৭২৫
নাম-ঘোষা

কৈতৱ তেজিয়া ভজিয়ো হৰি।
তেৱেসে হৰি লৈব দাস কৰি॥ ৭২৫
হৰিৰ আশ্ৰয় নেড়িয়ো ভাই।
ঐকান্তিক সুখ তেৱেশে পায়॥ ৭২৬
একান্তে হৰিত কৰিয়ো ৰতি।
হৰিসে নিজ ভকতৰ মতি॥৭২৭
সৰ্ব্ব পুৰুষাৰ্থ কৈতৱ জান।
হৰি মাত্ৰ সত্য বেদ প্ৰমাণ॥ ৭২৮
পৰম শ্ৰেয়স হৰি-ভকতি।
জানি হৰি-পাৱে কৰিয়ো ৰতি॥ ৭২৯
হৰি-গুণ-নাম কৰিয়ো সাৰ।
নিজ যশ-প্ৰিয় জগ-আধাৰ॥ ৭৩০
বিধিৰ কিঙ্কৰ তেজি ভকতি।
গায়ো হৰি-যশ নিৰ্ম্মল-মতি॥ ৭৩১
লৈয়ো একে মাত্ৰ সাধু-সঙ্গতি।
তেৱেসে নিৰ্ম্মল হৈব ভকতি॥ ৭৩২
যাৱত কৈতৱ নেড়স মন।
তাৱত নপাইবি হৰি-চৰণ॥ ৭৩৩
কৈতৱ সত্য জান ভাগ কৰি।
ভজিয়ো হৰিক কৈতৱ এড়ি॥ ৭৩৪


পা ৭৩১॥ কিঙ্কৰ—ঈশ্বৰ৷

৭৩৪॥ সত্য জান ভাগ-অসত্য জান ভাগ॥