শ্ৰীমধুদ্বিৰ ঈশ্বৰৰ কীৰ্ত্তন মঙ্গল নিৰন্তৰ
যিটো ভূমি-ভাগে শুদ্ধ-ৰূপে হোৱে জাত।
তাৰ ধুলি যিটো শিৰে ধৰে নিছয়ে জানিবা সিটো নৰে
কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত॥ ৬৭৪
হে দেৱ মহেশ্বৰ হৰি তযু কথামৃত পান কৰি
বঢ়ায়া ভকতি মনক শুদ্ধ কৰয়।
বৈৰাগ্যেসে সাৰ ভৈলা যাৰ হেনয় বোথক লভি পুনু
পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পাৱয়॥ ৬৭৫
৬৭৪॥ কীৰ্তনং জায়তে যত্ৰ ভূভাগে শ্ৰীমধুদ্বিষঃ।
তদ্ধুলিমাৱহম্মূৰ্দ্ধা সাক্ষাৎ শ্ৰীকৃষ্ণৱঙ্গভঃ॥
ব্ৰহ্মপুৰাণ(?)
৬৭৫॥ পানেন তে দেৱ কথাসুধায়াঃ প্ৰবৃদ্ধতক্ত্য়া বিশদাশয় ৰে।
ৱৈৰাগ্য়সাৰং প্ৰতিলভ্য বোধং যথাঞ্জসাধীয়ুৰকুণ্ঠধিক্য়ম॥
-ভাগৱত-পুৰাণ, ৩.৫.৪৫
পা ৬৭৪॥ ধুলি যিটো শিৰে -ধ্বনি যিটো শুদ্ধে।
৬৭৫॥ (ইয়াৰ পিছত )-
মহন্তসৱৰ সঙ্গ লৈয়া হৰিত একান্ত চিত্ত দিয়া
পৰম আনন্দে গায়ো হৰি-গুণ-নাম।
সহজে কৃপালু দেৱ হৰি লৈবা আপুনাৰ দাস কৰি
হৰি-দাস হৈলে হৈবা ভাই পুৰ্ণকাম॥
হৰি সত্য নিত্য ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তাহান চৰিত্ৰ পৰম-আনন্দ-ৰস।
তাক এৰি মন দুৰাশয় যতেক বিষয় বিষময়
তাকে আশা কৰি সংসাৰে মজি মৰস॥