পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৬৭৩]
৮২৫
মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা


প্ৰশংসা

সেহি ধন্য লোক শুচিমন্ত  সৰ্ব্ব গুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত
 যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি।
সিসিজন মহাদাতা জ্ঞানী  সিসি সত্যবাদী মহামানী
 পুৰুষোত্তমত - আছয় যাৰ ভকতি॥ ৬৭১

মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা

যিদিশত মহাভক্তসৱে শ্ৰীমন্ত কমললোচনৰ
 পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয়।
সিদিশক নমস্কাৰ কৰি  দুৰ্ঘোৰ সংসাৰ সুখে তৰি
 আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয়॥ ৬৭২
ৰমানন্দ-পদ-যুগলৰ মকৰন্দ-মধু-ব্ৰত-প্ৰায়
 ভকতসকলে যিদিশত প্ৰকাশয়।
সিদিশ জানিবা গঙ্গাদেৱী  অনেক প্ৰৱাহ-ৰূপে সেৱি
 পৰম নিৰ্ম্মল-স্বৰূপে শোভা কৰয়॥ ৬৭৩


৬৭১॥ লোকঃ স ধন্য়ঃ স শুচিঃ স ৱিদ্বান মথৈন্তপোভিঃ স গুণৈৱৰিষ্ঠঃ।
 জ্ঞাতা স দাতা স তু সভাৱক্তা বস্য়ান্তি ভক্তিঃ পুৰুষোত্তমাখ্য়ে॥

-ব্ৰহ্মপুৰাণ ৪৯,৭১


৬৭২॥ যস্য়ান্দিশি মহাভক্তাঃ শ্ৰীমকমললোচনং।
 কীৰ্তৱন্তি নমস্কৃত্য তান্দিশং স্বয়মচ্যুতঃ॥

-ব্ৰহ্মপুৰাণ (?)


৬৭৩॥ ৰমানন্দপদস্বন্দমকৰন্দমধুব্ৰতাঃ।
 যস্য়ান্দিশি বিৰাজন্তে সা গঙ্গা শতসংগ্ৰহা॥

-ব্ৰহ্মপুৰাণ(?)


পা ৬৭৩॥ সেৱি-আসি।