পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭০
[ঘোষা ৩৭১
নাম-ঘোষা


বস্তু-প্ৰকাশ

বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে
 প্ৰেম-অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
 বহে ব্ৰহ্মাণ্ডক ভেদি॥ ৩৭১

গোৱিন্দৰ প্ৰেম অমৃতৰ নদী,
 বহে বৈকুণ্ঠৰপৰা।
চাৰি পুৰুষাৰ্থ। তাহাৰ নিঝৰা
 হৰিনামে মূল ধাৰা॥ ৩৭২
হৰি ভক্তি দান দিয়া জগতকে
 তাৰিলা সংসাৰ-সিন্ধু।
হেনয় কৃপালু শঙ্কৰ বিনাই
 নাহি নাহি আন বন্ধু॥৩৭৩
হৰি-ভকতিৰ পাতিলন্ত হাট
 শঙ্কৰে জগত জুৰি।
ৰাম-নাম-ৰত্ন বেহায়া জগতে
 চলয় বৈকুণ্ঠ পুৰী॥ ৩৭৪

শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ
 জানা যেন কল্পতৰু।


৩৭২॥শ্ৰীভাগৱতং মুলধাৰা মোক্ষাদয়স্তস্য নিৰ্ঝৰাঃ।
 ভগৱদ্ভক্তিৰ্দৰ্নদী তস্য়া ৱহতীহ ৱৈকুণ্ঠাম্মধুৰা॥