এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৭০ ]
৭৬৯
প্ৰশংসা
হৰিক বান্ধৱ বুলিয়া যিজনে
কৰয় হৰি-কীৰ্ত্তন।
সমন্তে শাস্ত্ৰৰ তত্ত্বক জানিলে
জানা সিসি মহাজন॥ ৩৬৬
যেৱে হৰি-পদে শৰণ পশিয়া
হৰি-নাম লৱে মুখে।
হৰিৰ প্ৰসাদ পাৱয় সিজনে
মায়াকো তৰয় সুখে॥ ৩৬৭
ধন্য কলি-যুগ ধন্য ৰাম-নাম
ধন্য় ধন্য় নৰ-কায়া।
ভাগ্যহীনজনো জপি ৰাম-নাম
তৰয় দুস্তৰ মায়া॥ ৩৬৮
কলিৰ লোকৰ ভাগ্যৰ মহিমা
কোনে কহি পাৱে পাৰ।
হৰি গুণ-নাম কলিৰ স্বধৰ্ম্ম
সমস্তে শাস্ত্ৰৰে সাৰ॥ ৩৬৯
হৰি-কথা-ৰস নিৰ্ম্মল অমৃত
যিটোজনে পান কৰে।
সংসাৰ-মধ্য়ত সিসি জনে মাত্ৰ
সাফল জীৱন ধৰে॥ ৩৭০