পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৭৯]
৭৭১
নিৱেদন

তাহান্ত বিনায় নাহি নাহি নাহি
 আমাৰ পৰম গুৰু॥ ৩৭৫

নিৱেদন

কতনো অমোঘ অপৰাধ হৰি
 কৰিয়া আছে প্ৰচুৰ।
বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি
 কৃপাৰ হুয়া ঠাকুৰ॥ ৩৭৬
যিহেতু তোহ্মাৰ চৰণ-পঙ্কজে
 নভজিলো নাৰায়ণ।
সিহেতু অনাদি অবিদ্যা আহ্মাৰ
 কৰিলে জ্ঞান উছন্ন॥ ৩৭৭
তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ
 নভজো তোহ্মাৰ পাৱে।
এহি দোষে মোক যম-দূতে ধৰি
 যাতনা দুখ ভুঞ্জাৱে॥ ৩৭৮
তুমি প্ৰিয় আত্মা পৰৰ দেৱতা
 তোমাত ভৈলো বিমুখ।
এতেকে তোহ্মাৰ মায়ায়ে আহ্মাত
 দিলেক সংসাৰ দুখ॥ ৩৭৯


 পা ৩৭৮ঃ ইষ্টদেৱ—ইষ্ট মোৰ।

 ৩৭৯ঃ—(নাই)।