এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৫২
৭৬৫
নাম-মহিমা
কৃষ্ণ-গুণ-নাম- ধৰ্ম্মেসে পৰম
মঙ্গলৰো সুমঙ্গল॥
কৃষ্ণৰ কীৰ্ত্তন- ৰসেসে কেৱলে
মুকুতি-সুখৰ ফল॥ ৩৪৮
যিহেতু কৃষ্ণৰ কীৰ্ত্তন-ধৰ্ম্মত
নাহিকে পাত্ৰ নিয়ম।
কেৱলে কৃষ্ণৰ কীৰ্ত্তনে কৰয়
সমস্তকে নৰোত্তম॥ ৩৪৯
অন্যত্ৰ সাধনে কোনো বিচক্ষণ-
জনক মোক্ষ দিৱয়।
কৃষ্ণৰ জন্মৰ কৰ্ম্মৰ কীৰ্ত্তনে
মুকুতিকো বিড়ম্বয়॥ ৩৫০
ৰাম হেনো ইটো দুগুটি অক্ষৰ
বলৰ নাহিকে সীমা।
মুকুতি-সুখকো কৰিলে অধীন
আছোক আন মহিমা॥ ৩৫১
যিটো ৰুদ্ৰদেৱে পৰম লীলায়ে
জগতকে সংহৰন্ত।
ৰামৰ নামৰ তেহো হুয়া বশ্য়
দিনে-ৰাত্ৰি সুমৰম্ভ॥ ৩৫২
৩৫২॥ ঈশোহহং সৰ্ৱজগতাং নায়াং ৱিঞ্চোৰ্হি জাপকঃ॥