পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৪
[ ঘোষা ৩৪৪
নাম-ঘোষা


কৃষ্ণ-নাম ইটো পৰম মঙ্গল
 যাহাৰ থাকে বাক্যত।
সিটো পুৰুষৰ ভস্ম হুয়া যায়
  মহাপাপ কোটি শত॥ ৩৪৪
পৰম উজ্জ্বল  হৰি-নাম-ৰত্ন
 কণ্ঠত যিটো পিন্ধয়।
তাহাৰ পুৰুষ  যতেক আছয়
 সৱাকো শোভা কৰয় ॥ ৩৪৫
পৰম প্ৰশান্ত  নাৰায়ণ-পৰ
 মুক্তৰো মাজে বিৰল।
এহিমানে মাত্ৰ  পুৰুষাৰ্থ-সাৰ
 হৰিৰ সেৱাৰ বল॥ ৩৪৬
ধৰ্ম্মে পৃথিৱীৰ  আগত কহিলা
 মহাভাগৱত-ধৰ্ম্ম।
মুকুতি-সুখৰ  কেৱলে আশ্ৰয়
 জানা মাধৱৰ কৰ্ম্ম ॥ ৩৪৭


৩৪৪॥ কৃষ্ণেতি মঙ্গলং নাম বস্য় ৱাৰ্চি প্ৰৱৰ্ততে।
 ভস্মীভৱন্তি ৰাজেন্দ্ৰ, মহাপাতককোটেয়ঃ॥
৩৪৬। মুক্তানামপি সিন্ধানাং নাৰায়ণপৰায়ণঃ।
 সুদুৰ্লভঃ প্ৰশান্তাত্মা কোটিবপি মহামুনে॥


পা ৩৪৫॥ যত্ন-ধৰ্ম্ম।
 ৩৪৭॥ মহাভাগৱত - ভাগৱত-তত্ত্ব।