এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ঘোষ। ৩৪৩ ]
নামমহিমা
960
সংসাৰ বিনাশে
হৰিকো প্রকাশে
নামৰ মহামহিমা ॥ ৩৩৯
হৰিৰ নামত
একোৱে বিঘিনি
নাহিকে জানা নিশ্চয়।
আন যত ধর্ম
তাহাবাে বিধিনি
নামেসে দূৰ কৰয় ॥ ৩৪০
ৰাম-মাম মহা-
প্রমত্ত সিংহৰ
ধ্বনি শুনি ঋণি ঋণি।
পাপময় মত্ত
মাতঙ্গ পলায়
মিলিল হেৰা বিঘিনি ৩৪১
ৰাম-কৃষ্ণ-নাম
কীৰ্ত্তন বাড়ৱ-
অগনিৰ শিখা লাগি।
অৰ ৰাক্ষস
পাষণ্ড পিশাচ
পলায় দশশা দিশে ভাগি ॥ ৩৪২
জয় জগজীৱ
জগত-কাৰণ
জয়তি জগনিৱাস।
তােহ্মাৰ ভকতি-
বসে মুকুতিকে
কৰে বহু পৰিহাস ॥ ৩৪৩
৩৪১-৪২ তুক” ধন্নামসংকীতমতো নিশাচৰ ব্ৰন্তি ভুলখান্তি চায়।
নাশং তথ। সম্প্রতি যাৰি ৱিৰেদি সতং গুরুতীহ মােক।
পা ৩৪৩। পৰিহাস—উপহাস।