এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬২
[ঘোষা ৩৩৪
নাম-ঘোষা
যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ
ভজয় পদ-কমল।
কুল উদ্ধাৰিল আপুন তৰিল
তাৰেসে জন্ম সাফল॥ ৩৩৪
সুদৃঢ় বিশ্বাস কৰি যিটোজনে
সদা ৰাম-নাম গাৱে।
তাক বাপ-দায় দিয়া দুষ্ট কলি
দূৰতো দূৰ পলাৱে॥ ৩৩৫
অলপ অক্ষৰ ৰাম-কৃষ্ণ-নাম
কোমলৰো সুকোমল।
ৰাম-কৃষ্ণ-নাম সৱাৰো সুহৃদ
মঙ্গলৰো সুমঙ্গল॥ ৩৩৬
মুকুতসৱৰো মনক টানিয়া
আনয় হৰিৰ গুণে।
এক-প্ৰাণ হুয়া মহন্তসকলে
গাৱয় কহয় শুনে॥ ৩৩৭
হৰিৰ নামৰ অনন্ত মহিমা
জানি মহাজনে গান্ত।
আপুন নামৰ মহিমাক হৰি
আপুনি অন্ত নপান্ত॥ ৩৩৮
হৰিৰ নামৰ অনন্ত প্ৰভাৱ
কোনে কহি পাৱে সীমা।