এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
[ ঘোষা ২০
নাম-ঘোষা
কেৱল ভকতি পুৰুষক তাৰে
সহায় কাকো নচাৱে।
জ্ঞানে কৰ্ম্মে তাৱে তাবিতে নপাৰে
ভকতি নপাৱে যাৱে॥ ২০০
দুষ্ট কলি-সৰ্পে সৱাকো দংশিলে
হৰাইল চেতন জ্ঞান।
ইহাৰ ঔষধ শুধা ৰাম-নাম
বিনে নাহি নাহি আন॥২০১
সকলে পুণ্যৰ অবিনাশী ফল
হৰি-গুণ-নাম সাৰ।
হৰিক সন্তোষ কৰাইবাৰ হেতু
নাম বিনে নাহি আৰ॥ ২০২
বেদে ৰামায়ণে পুৰাণে ভাৰতে
আদি মধ্য অৱসানে।
২০০॥ তস্মাল্মদ্ভক্তিযুক্তস্য় যোগিনো ৱৈ মদাত্মনঃ।
ন জ্ঞানং ন চ ৱৈৰাগ্যং প্ৰায়ঃ শ্ৰেয়ো ভৱেদিহ॥
২০১॥ কলিনা দুষ্টসৰ্পেণ দষ্টানমিহ ভেষজম্।
নাস্তি নাস্তোৱ নাস্ত্যেৱ ৰামনামামৃতং ৱিনা॥
—কুৰ্ম-পুৰাণ (ভক্তি-ৰত্নাকৰ ২১.১৯)
২০২॥ তু’ৰু ইদং হি পুংসস্তপসঃ শ্ৰুতস্য ৱা
স্বিষ্টস্য় সূক্তস্য় চ বুদ্ধিদত্তয়োঃ।
অৱিচ্যুতোহৰ্থ, কৱিভিৰ্নিৰূপিতো
যদুত্তমল্লোকগুণানুৱৰ্ণনম্॥
—ভাগৱত পুৰাপ ১ ৫ ২২