এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২০৬]
৭৩৩
উপদেশ
হৰিকেসে মাত্র কহৱে নিশ্চয়
জানা তথ্য এহিমানে॥ ২০৩
সত্য অসত্যৰ জড় চৈতন্যৰ
মাজত যিটো প্রকাশে৷
তাকে বুলি মন সেহি সিটো পাৱে
যিজনে যাক উপাসে৷৷ ২০৪
মায়া আদি কৰি সমস্তে অসন্ত
জানিবা জড় নিশ্চয়।
হৰি মাত্র সন্ত চৈতন্য ঈশ্বৰ
পৰম তত্ত্ব নির্ণয়৷৷ ২০৫
বাসুদেৱ বাসু- দেৱ বাসুদের
বুলিয়া যিটো সুমৰে।
সিটো পুৰুষৰ জানা যম ৰাজা
লিখন মাৰ্জ্জন কৰে ৷৷ ২০৬
২০৩৷৷ ৱেদে ৰামায়ণে চৈৱ পুৰাণে ভাৰতে তথা।
আদিমধ্যাৱসানেষু হৰিঃ সৰ্ৱত্ৰ গীয়তে৷৷
২০৪। যদ্ধি সদসতােৰ্মধ্যাং যন্মধ্যাং চিতিজাড্যয়োঃ।
তম্মনঃ প্ৰােচতে ৰাজন্ দ্বয়ং দোলায়তে হৃদি।
২৬। ৱাসুদেৱ ৱাসুদেৱ বাসুদেৱেতি যো ৱদেৎ।
তস্য ৱৈৱশ্বতাে ৰাজা কৰােতি লিপিমার্জনম্৷৷
পা ২০৪ ৷৷ সত্য অসত্যৰ--সত অসতৰ।
২০৫ ৷৷ অসন্ত—অসত্য। সত—সত্য।