পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

[ পৰিশিষ্ট ৪]
ভৃগু-পৰীক্ষা*

ঘোষা॥ যদুমণি ৰাম ৰাম মোৰ প্ৰাণ।
 হৰি হৰি ৰাম॥১

পদ॥ বাসুদেৱে বিষ্ণু হেন জানিয়া তোমাক।
 অনেক বিনয়ে বুলিলন্ত তুতি বাক॥
 পুছিলন্ত পৰম ৰহস্য মহাজ্ঞান।
 পিতৃত সমন্তে তত্ত্ব কৰিলা ব্যাখ্যান॥ ১
 আসিলন্ত লৰি ভৃগু ঋষি পৰীক্ষাক।
 সুখে নিদ্ৰা লভি আছা দেখিলা তোমাক॥
 জগাইলন্ত ক্ৰোধে হৃদয়ত লাঠি মাৰি।
 ভৃগুক প্ৰণামি স্তুতি বুলিলা মূৰাৰি॥ ২
 কৰিলা কাকুতি চৰণত ধৰি হৰি।
 হিয়াত লাগিল সিটো সুকোমল ভৰি॥
 পাইলা মহাদুখ কিনো আতি অসন্তোষ।
 নিদ্ৰাত আছিলো মোৰ মৰষিয়ো দোষ॥ ৩
 ঋষিৰ ধুলাৰ চিহ্ন ধৰিলাহা হৰি।
 শুক্ল ভৈলা লোম-পান্তি সেহি দিনা ধৰি॥
 তোমাৰ অদ্ভুত লীলা জানিবো কিমতে।
 তুমিসি ব্ৰহ্মণ্য দেৱ জানিল জগতে॥৪


  • এইখণ্ড কীৰ্ত্তন বিষ্ণুপুৰ সত্ৰৰপৰা সংগৃহীত হৈছে।