পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮০
[ পৰিশিষ্ট ৪
কীৰ্ত্তন-ঘোষা


ভুজঙ্গ-শষ্যাত প্ৰভু আছিলাহা সুতি।
মুৰ্ত্তি ধৰি চাৰি বেদে কৰিলন্ত স্তুতি॥
নিদ্ৰাত প্ৰবোধ প্ৰভু কৰাইল তোমাক।
যেন নট-ভাটগণে জগাৱে ৰাজাক॥ ৫
সৰ্ব্ব-গ্ৰাস সূৰ্য্য়ৰ গ্ৰহণ আসি ভৈলা।
জানি কৃষ্ণ সবান্ধৱে কুৰুক্ষেত্ৰে গৈলা॥
কৃষ্ণ-দৰশন-অভিলাষ মন সুখে।
আসিলন্ত দেৱ ঋষি নাৰদ প্ৰমুখ্যে॥ ৬
সৱাকো অৰ্চ্চিলা হৰি বুলি স্তুতি-বাণী।
পিতৃৰ কৰাইলা মহাযজ্ঞ চক্ৰপাণি॥
নন্দ যশোদাক পায়া কৰিলা সৎকাৰ।
দিলা মনোৰথ পূৰি বস্ত্ৰ অলঙ্কাৰ॥ ৭
চিৰকাল তোমাক দেখিয়া দুয়ো প্ৰাণী।
কান্দিলা অনেক দুয়ো গলে বান্ধি আনি॥
দৈৱকী ৰোহিণী আসি ধৰি যশোদাক।
কৰিলা সাদৰ আতি বুলি প্ৰিয় বাক॥ ৮
গোপীগণ সহিতে তহিতে যদুৰাই।
ভৈল চিৰবিয়োগে বিৰলে এক ঠাই॥
কৃষ্ণক বেঢ়িয়া গোপীগণে কান্দে আতি।
সৱাকো আশ্বাস কৰিলন্ত বুলি-মাতি॥ ৯
কহিলা পৰম জ্ঞান তুমি চক্ৰপাণি।
শুনি সৱে তোমাৰ অমৃত-সম বাণী॥
জুৰাইল শৰীৰ গোপীগণ ভৈল স্বস্থ।
দিলা বস্ত্ৰ-অলঙ্কাৰ পুৰি মনোৰথ॥ ১০