এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২২
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা
দুই হাত মেলি হৰি ধৰিলন্ত তুলি।
এক হাতে ৰুক্মিণীৰ বান্ধিলন্ত চুলি॥ ১০
এক হাতে মচ মুখ লোতক গুচাইলা।
দৃঢ় কৰি ৰুক্মিণীক বুজাইবে লাগিলা॥
স্বামীৰ ভ্য়াৰ্য্য়াৰ জানা হেনলে লক্ষণ।
ভাৰ্য্য়া সঙ্গে কৌতুক নকৰে কোন জন ॥ ১১
ভাগ্যৱতী ৰুক্মিণী কৃষ্ণৰ প্ৰাণ-জায়া।
বোলা হৰি হৰি তৰা সংসাৰৰ মায়া॥ ১২
দ্বিতীয় কীৰ্ত্তন
ঘোষা॥ গোৱিন্দ যদুদেৱ প্ৰভু ৰঘুপতি।
তুমিসি কেৱলে মোৰ অগতিৰ গতি॥২
পদ॥ কৃষ্ণত নৈৰাশ হুয়া ৰুক্মিণী সুন্দৰী।
দেখে তমোময় যেন প্ৰাণ গৈল উৰি॥
কাম্পন্ত শৰীৰ তান থিৰ নোহে মন।
ভূমিত পৰিয়া দেৱী হৈলা অচেতন॥
মূৰ্চ্ছা গৈলা মাধৱৰ বচন শুনিয়া। .
নোহে সুস্থ ৰুক্মিণীৰ ত্ৰাসে কাম্পে হিয়া ॥ ১৩
প্ৰভুৰ নৈৰাশে যেন প্ৰাণ ছাড়ি যায়।
মৰন্ত ৰুক্মিণী আতি চক্ষু ওলটাই॥
কাম্পে হাত ভৰি দেখি ত্ৰাসে নাৰায়ণ।
কোলে কৰি আশ্বাসিলা তুলি তেতিক্ষণ॥ ১৪