আপুনাৰ বস্ত্ৰে ধৰি মুখক মুচিলা।
ৰুক্মিণক আশ্বাসিয়া বচন বুলিলা॥
হুয়ো সন্ধুক্ষণ সতী কৈলো উপহাস।
শুনিয়া ৰুক্মিণী পুনু তেজিলা নিশ্বাস॥ ১৫,
বুলিবে লাগিলা স্তুতি কৰিয়া প্ৰণতি।
মাধৱৰ নিন্দাক শুনিয়া মহাসতী॥
আৰম্ভিলা স্তুতি ধৰি কৃষ্ণৰ চৰণ।
নমো নমো নাৰায়ণ আদি নিৰঞ্জন॥ ১৬
তুমি পূৰ্ণব্ৰহ্ম প্ৰভু সত্য সনাতন।
অগতিৰ গতি হৰি কৰা পৰিত্ৰাণ॥
লীলা-নৰ-তনু ধৰি হুয়া অৱতাৰ।
বাৰে বাৰে জগতক কৰাহা উদ্ধাৰ॥
নজানোহো প্ৰভু মই মহিমা তোমাৰ।
লীলায়ে ধৰাহা অৱতাৰ বহুবাৰ॥ ১৭
ব্ৰহ্মা হৰে উপাসন্ত যাহাৰ চৰণ।
গৰুড়-বাহন প্ৰভু দেৱ সনাতন॥
তযু পত্নী বুলি গৰ্ব্ব কৈলো দেৱ হৰি।
ক্ষমিয়ো মোহোৰ দোষ হেৰা যাওঁ মৰি॥ ১৮,
নমো নমো নাৰায়ণ সহস্ৰ-লোচন।
সহস্ৰেক বাহু যাৰ সহস্ৰ বয়ন॥
নমো নমো জগন্নাথ ব্ৰহ্ম সনাতন।
বিষ্ণু-ৰূপী প্ৰভু নমো তোমাৰ চৰণ॥ ১৯
জানিয়া তোমাৰ পাৱে পশিলো শৰণ।
মই অজ্ঞানীৰ হৰি দোষ ক্ষমা কৰ॥