ক্ষণো মেঘ দিয়া কৰে দেৱে বৰিষণ।
চাপিবাক থান নপাৱন্ত প্ৰজাগণ॥ ১২৯
ক্ষুধায়ে-তৃষায়ে পীড়া কৰে আতিশয়।
ৰৌদ্ৰ-তাপে পোড়ে কতো বৃষ্টিত তিতয়॥
মহা দুঃখ পায়া কতো প্ৰাণী বোলে বাক।
আৱেসে উচিত দণ্ড কৰে যাদৱাক ॥ ১৩০
যাহাৰ প্ৰসাদে ত্ৰৈলোক্যৰ সুখ হৱে।
ব্ৰহ্মা মহেশ্বৰে বাৰু সৰ্ব্বদায়ে সেৱে॥
কৰযোড় কৰি দেৱগণে আছে চাই।
আমাৰ পাশক লক্ষ্মী আসন্তোক আই॥ ১৩১
তেৱেলে ঐশ্বৰ্য্য মহা হৈবেক আমাৰ।
এহি বুলি দেৱগণে বাঞ্ছয় আপাৰ॥
লক্ষ্মী বিনে সংসাৰত নাহিকে জীৱন।
লক্ষ্মী নভৈলাত হোৱে ত্ৰৈলোক্য উচ্ছন॥ ১৩২
হেনয় ভাৰ্য্যাক পাছে পায়া যদুৰায়।
তথাপিতো তাঙ্ক এৰি চলে অন্য় ঠাই॥
গাৱে নসহন্ত লক্ষ্মী মাৱে কৰে দণ্ড।
লক্ষ্মীতে যে দোষ নাহি যাদৱাসে মন্দ॥ ১৩৩
হেন কথা অন্যো-অন্য়ে সৰ্ব্বজনে কহে॥
ক্ষুধায়ে-তৃষায়ে দেহা কাহাৰো নৰহে ॥
পুনৰপি পৰিচাক পঠাইলা মাধৱে।
তথাপিতো ক্ৰোধ-ভাৱ নেড়ে লক্ষ্মী মাৱে॥ ১৩৪
পাণ্ডাৰ উপৰি পাণ্ডা দিলন্ত পঠাই।
নাসোক বিনাই আউৰ আন বাক্য নাই॥