এহিমতে যেৱে তিনি পৰ বহি গৈল।
শুনিয়োক তাত পাছে যেন কথা ভৈল॥ ১৩৫
ঠাকুৰৰ পাশতে সুভন্দ্ৰা বৰনাৰী।
ক্ষুধায়ে-তৃষায়ে দুঃখ সহিতে নপাৰি॥
মাতি আনি প্ৰবোধ কৰিলা পৰিচাক।
শীঘ্ৰ কৰি পঠাই দিলা লক্ষ্মীৰ পাশক॥ ১৩৬
দ্বাৰ ছাড়ি দেওক লক্ষ্মী অভ্যন্তৰে যাঞো।
ক্ষুধায়ে-তৃষায়ে মই বড় দুঃখ পাঞো॥
হেন শুনি পৰিচা ত্বৰিতে গৈল ধাই।
লক্ষ্মীৰ আগত কথা কহন্ত বিনাই॥ ১৩৭
সুভদ্ৰা মাতৃয়ে মোক দিলন্ত পঠাই।
তোমাৰ ননন্দখানি দুঃখ বৰ পায়॥
ইবেলিসে চলি গৈলো যাদৱৰ সঙ্গ।
কি কাৰণে লক্ষ্মীৰ আমাক লাগি খঙ্গ॥ ১৩৮
ৰৌদ্ৰত শুকাই কতো বৃষ্টিত তিতয়।
ক্ষুধায়ে-তৃষায়ে দেহা অধিকে দহয়॥
বোলা মোক লক্ষ্মী শীঘ্ৰ দ্বাৰ দিওক মেলি।
আপুন থানক মই শীঘ্ৰে যাওঁ চলি॥ ১৩৯
যেন লাগে প্ৰবোধ দিয়োক লক্ষ্মী আই।
শুনি লক্ষ্মী মাতিলন্ত পৰিচাক চাই॥
গালে হাতে দিয়া লক্ষ্মী মাতিলন্ত পাছে।
সুভদ্ৰা ননন্দ এভো দ্বাৰে বহি আছে॥ ১৪০
ননন্দেও দু:খ হব পাৰে সঙ্গে যাদৱাৰ।
ই কি কথা মোত কহি আছে একবাৰ॥