সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৬৫৫
ঘুনুচা-কীৰ্ত্তন


ঘুনুচাৰ সম মই নোহো ৰূপৱতী।
নাহি লাস-বেশ নোহো নাগেৰী যুৱতী॥ ১২৩
এতেকে আমাক ত্যজি গৈলন্ত আপুনে।
দ্বাৰকাতে কত দুঃখ দিয়া আছে মনে॥
শিশু-কাল হন্তে আল ধৰো যাদৱৰ।
তথাপিতো তান নভৈলোহো সুৱাগৰ॥ ১২৪
আৰু তান ভাল বোলাইবেক কোন নাৰী।
ভাল বোলাইলেক এক ঘুনুচা সুন্দৰী॥
নচাওঁ যাদৱাৰ মুখ নাসন্তোক হৰি।
ঘুনুচাৰ বাড়ী লাগি যায়োক বাহুড়ি॥ ১২৫
হেন বাক্য বুলি লক্ষ্মী মৌন হুয়া ৰৈল।
শুনিয়া পৰিচা তাৱক্ষণে চলি গৈল॥
কোপ-মনে লক্ষ্মী বুলিলন্ত যত বাণী।
ঠাকুৰৰ আগে সৱ কহিল কহানী॥ ১২৬
আশেষ কৰিলো মই লক্ষ্মীক প্ৰবোধ।
তথাপি লক্ষ্মীৰ মনে নপলান্ত ক্ৰোধ॥
দ্বাৰ ছাড়ি তথাপি নেদন্ত লক্ষ্মী মাৱে।
বোলে বাহুৰিয়া যাউক ঘুনুচাৰ ঠাৱে॥ ১২৭
লক্ষ্মীৰ বচন শুনি পাছে জগন্নাথ।
লজ্জা বড় হুয়া পাছে চপৰাইলা মাথ॥
সৰ্ব্ব জনে শুনিলে লক্ষ্মীৰ কোপ-কাৰ্য্য।
কাংস পৰি জীণ গৈল সকল সমাজ॥ ১২৮
ভৈলেক মধ্যাহ্ন কাল বেলা বোল দণ্ড।
ভৈল ঘোৰ মহাৰৌদ্ৰ মিলিল প্ৰচণ্ড॥