হেন শুনি কৃষ্ণে পাছে কৰি হেঠ মাথ।
পৰিচাক আদেশ কৰিলা জগন্নাথ॥ ১১৭
কহ গৈয়া লক্ষ্মী কিয় এত ক্ৰোধ কৰে।
দ্বাৰ-মুলে বহি আছো মই নিৰন্তৰে॥
দ্বাৰ মেলি দিয়োক যাওঁ দৌলৰ ভিতৰে।
ক্ষুধায়ে-তৃষায়ে দুঃখে মোক আতি পীড়ে ॥ ১১৮
তাৱক্ষণে পৰিচা দৌলক গৈলা চলি।
লক্ষ্মীৰ আগত কহে কৰি কৃতাঞ্জলি॥
নমো নমো লক্ষ্মী মাৱ হুয়োক প্ৰসন্ন।
তোমাক লাগিয়া কৃষ্ণে বুলিলা বচন॥ ১১৯
আঠ দিন ভৈল মই এড়ি গৈলো সঙ্গ।
এইমানতে আমাক ইমান কৰে খঙ্গ॥
দ্বাৰ ছাড়ি দিয়ো লক্ষ্মী কোপ পৰিহৰি।
অভ্যন্তৰ লাগি চলি যাওঁ শীঘ্ৰ কৰি॥ ১২০
হেন শুনি পৰিচাক মাতে লক্ষ্মী মাৱ।
যাদৱাৰ বাক্যে মোৰ নুজুড়াই গাৱ॥
কথাকো নকৈল মোক গৈল পৰিহৰি।
পৰৰ ভাৰ্য্য়াক যেন পৰে যায় এড়ি॥ ১২১
যাদৱাৰ কথা মোত কহিবে নলাগে।
অন্য যিবা কথা আছে কহ মোৰ আগে॥
মই বিনে যাদবায়ে বঞ্চিবাক পাৰে।
যাদৱা নভৈলে দিন নবায় কি আমাৰে॥১২২
সুন্দৰী ৰমণী ভাৰ্য্যা পাইলন্ত যাদৱ।
আউৰ কি লাগিয়া আসিবন্ত মোৰ ঠাৱ॥