পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৬৫৩
ঘুনুচা-কীৰ্ত্তন


সপ্তম কীৰ্ত্তন

ঘোষা॥ নমো দেৱ দয়াল  জগত-আধাৰ
 দৈৱকী-নন্দন দেৱ।
তোমাৰ চৰণে   পশিলো শৰণে
 কৃপা কৰা প্ৰভু দেৱ॥ ৭
পদ॥ অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি।
অভ্যন্তৰে চলি গৈল আতি শীঘ্ৰ কৰি॥
লক্ষ্মীৰ আগত কথা কহে হেঠ সাথে।
দুৱাৰত বহিয়া আছন্ত জগন্নাথে॥ ১১৩
যেন লাগে মোক আজ্ঞা দিয়ো লক্ষ্মী আই।
শুনি দেৱী মাতিলন্ত পৰিচাক চাই॥
লক্ষ্মীয়ে বোলন্ত শুনা শুনা মোৰ বাক।
দ্বাৰ ছাড়ি আসিবে নেদিবা যাদৱাক॥ ১১৪
যাদৱায়ে আসিবে, নলাগে মোৰ ঠাই।
ঘুনুচাৰ বাড়ী লাগি চলোক দুনাই॥
হেন শুনি দুৱাৰী ত্বৰিতে গৈলা চলি।
দ্বাৰত বহিল গৈয়া বান্ধিয়া শিকলি ॥১১৫
তাত পাছে প্ৰভু পৰিচাৰু আদেশিলা।
দ্বাৰ ছাড়ি দেহ বুলি দ্বাৰীক মাতিলা॥
শুনি দ্বাৰী বোলে লক্ষ্মী দিয়া আছে হাক।
দ্বাৰী চাড়ি তঞি নিৰিবিহি যাদৱাক॥ ১১৬
তাৱক্ষণে ঠাকুৰত অনায়োক যাই।
দ্বাৰী পাৰ নেদে বাধিলেক লক্ষ্মী আই॥


^ পা* খোৰা ৭ দৈৱকী দেৱ।তোমাৰ চৰণে সদা শৰণ আমাৰ॥