পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৬
( পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


চলিলন্ত লক্ষ্মী আই  কিঞ্চিতেকো শঙ্কা নাই
 বলাইলা শকট বায়ু-বেগে॥
ৰঙ্গ কৰি ঠাৱে ঠাৱে  ঢাক ঢোল ভেৰী বাৱে
 কাহালী মহৰী কৰতাল।
চলি যায় সৱে নৰে লৱড়া-লৱড়ি কৰে
 ৰঙ্গে কতো নচুৱাৱৈ গাউল॥ ৫১
হেৰা পাইলো পাইলো বুলি  কৰি যায় হুলহুলি
 সৰ্ব্ব লোক পৰম আটোপে।
অনন্তৰে লক্ষ্মী আই পৰিচাসৱক চাই
 মাতিলন্ত মাধৱত কোপে॥
দেখা দেখা সৰ্ব্ব জনে  বিচাৰ কৰিয়া মনে
 কিনো দোষ দিবাহা আমাৰ।
একগোটা তিৰী পাই  ভোল ভৈলা যদুৰায়
 এড়িলেক ঘৰ আপুনাৰ॥ ৫২
ষোড়শ বৎসৰ মানে  ভাৰ্য্যা নপাই একোথানে
 ফুৰিল বৰলা-ভাত খাই।
উপায় কৰিয়া পাছে  আসি যাদৱাৰ কাছে
 মই পুনঃ ধৰিলো চপাই॥
মই বিনে ভিঠি নাই  তথাপিতো যদুৰায়
 মোক ভাল মনত নমানি।
টেটোন যুৱাৰ নয় আৱে মোক নোলোধয়
 পাইল ভাৰ্য্য়া নাগেৰী ডাকিনী॥ ৫৩


পা* ৫১॥ গাউল—গাল।
 ৫৩॥ বিনে ভিঠি - নভৈলে ভিক্ষা। ডাকিনী-টেটোন