পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৬৩৭
ঘুনুচা-কীৰ্ত্তন


ডাকিনীয়ে তাৱক্ষণে  মোহোক ভাণ্ডিয়া মনে
 যাদৱাক পাইলেক বৈসুধা।
আপুনাৰ দৌল ছাড়ি গৈল মোক পৰিহৰি
 মায়েকৰ শুনিলেক বাধা॥
যুৱা-কাল বহি গৈল বয়সতো বৃদ্ধ ভৈল
 তথাপিতো তিৰীকেসে মন।
পুনু পুনু দেৱোঁ হাক নুশুনয় মোৰ বাক
 কিনো ভৈল লুভীয়া টেটোন॥ ৫৪
বেঢ়ি হাসে সামৰাজ  তথাপি নাহিকে লাজ
 কতনো সহিবো আহুকাল।
যাদৱৰ মুখ চাই থাকো বান্দী-ভাত খাই
 আত কৰি সেহি বৰ ভাল॥
কিন্তু লোকে হাসিবেক  নোসোধয় পৈয়েকক
 দম্ভ কৰিলেক তিৰী হুই।
এতেকেসে চলি যাওঁ  আসে নাশে পুছি চাওঁ
 সতিনীৰ মাথে দেওঁ জুই॥ ৫৫


পা ৫৪॥ ডাকিণীয়ে•••••••••বৈসুধা।-
 (টেটোনীৰ বিলক্ষণে  মোক ভঙ্গাইবেক মনে
 যাদৱাক পিয়ালে ঔষধি।
 বয়সতো বৃদ্ধ ভৈল - বল-বীৰ্য্য় টুটি গৈল।
৫। যাদৱৰ•••••বৰ ভাল। -
 যদি সৱে দেখা ভাল  আসে নাসে ততকাল
 সৱে আজি গুচাওঁ জঞ্জাল॥
নোসোধয় পৈয়েকক - নুসুধিলে বুলি মোক।