পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভাগৱতৰ তাৎপৰ্য্য সেহিসে কৃষ্ণক বােলে আপুন। শুনিয়ে কৃষ্ণ দেৱতাৰ গুণ। ৭ ভকতে যত লৰে গুণ-নাম। তাহাৰ মালা গান্থি অনুপাম ॥ পিন্ধন্ত কণ্ঠত কৰি উৎসৱ । হেনসে ভকত-বন্ধু মাধৱ ॥ ৮ যিজনে যায় হৰি-নাম সেৰি। পাছত ফুৰে যত দেৱ-দেৱী। যতেক তীর্থ তাক তুতি কৰে। তাৰ বায়ু পাপ সমস্ত হৰে। ৯ যিটোজনে ফুৰে নাম সুমৰি। তাৰ পাছে পাছে ভ্রমন্ত হৰি। কৎসক স্নেহে যেন ধেনু ধাৰে। ভজিয়াে জানি হেন হৰি-পাৰে। ১০ এক জনে যদি নাম উচ্চৰে। শুনে মানে পাপ সৱাৰৰ হৰে ৷ হেনসে আশ্চৰ্য্য দেৱতা হৰি। যাহাৰ নাম লৈলে মাত্ৰ তৰি। ১১ অনিচ্ছাতে যিটো বিষ্ণুক কহে। তাহাৰো সমস্ত পাতক দহে ॥