পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১৮
[খণ্ড ২৬
কীৰ্ত্তন-ঘোষা


যাৰ ইচ্ছা মোক্ষ পাইবে  নলাগে দূৰক যাইবে
 আছা হৰি সৱাৰ হিয়াত॥ ৪
কৃষ্ণৰ কিঙ্কৰে কহে  হৰি-নামে পাপ দহে
 ৰাম-নাম সৱাতো অধিক।
যিটোজনে নাম স্মৰে সকল পাতক তৰে
 অনায়াসে পাৱে মুকুতিক॥
জগত-নিস্তাৰ হেতু  কৰিলা গৰুড়-কেতু
 ইবাৰ বিদিত হৰি-নাম।
আয়ু যায় আলে-জালে  কেতিক্ষণে ধৰে কালে
 নিৰন্তৰে বোলা ৰাম-নাম॥ ৫

দ্বিতীয় কীৰ্ত্তন

ঘোষা॥ মাধৱ বান্ধৱ উদ্ধাৰা বাপ।
 কতনো সহিবো সংসাৰ-তাপ॥ ২

পদ॥  বোলন্ত শুকে শুনা নৃপবৰ্য্য।
 বাঢ়য় স্কন্ধৰ যি তাতপৰ্য্য॥
 কৃষ্ণ বিনে নাই অপৰ দেৱ।
 জানিয়া কৃষ্ণৰ কৰিয়ো সেৱ॥ ৬
 যাহাৰ আছে পুণ্য অসংখ্যাত।
 সিসি পাতে কাণ কৃষ্ণ-কথাত॥