পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২০
খণ্ড ২৬
কীৰ্ত্তন-ঘোষা


প্ৰেমে ভজে যিটো কৃষ্ণৰ পাৱ।
কহিবো তাহাৰ কত প্ৰভাৱ॥ ১২
সংসাৰ-গৰ্ত্তে পৰি আছে লোক।
মোহত অন্ধ নেড়ায় দুঃখ শোক॥
কাল-ভুজঙ্গে দংশি লৱে প্ৰাণ।
কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ॥ ১৩
যতেক দেখা খোজ সমুদায়।
হস্তীৰ খোজত সৱে লুকায়॥
এহিমতে যত বিশ্ব সমস্ত।
কৃষ্ণতে জানা সৱে যায় অন্ত॥ ১৪
আতি পাতকীও কৰি হৰিষ।
ধিয়াৱে কৃষ্ণক এক নিমিষ॥
ভৈল পুণ্যশালী সিও বিচিত্ৰ।
পৱিত্ৰকাৰীকো কৰে পৱিত্ৰ॥ ১৫
সম্পদকো জানা নুহি সম্পদ।
জানা আপদকো নুহি আপদ॥
পৰম সম্পদ হৰি-ভকতি।
আপদ জানা হৰি-বিৰকতি॥ ১৬
মহাপাপী আতি অধম জাতি।
তাকো নামে কৰে পৱিত্ৰ আতি॥