পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৬
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা


ব্ৰহ্মচাৰী গৃহী বন্যস্থ সন্ন্য়াসী
 চাৰিও যি ফল পাৱে॥
কৃষ্ণ-দৰশনে সেহি ফল পাৱে
 কি কৈবো আউৰ বিস্তৰ।
কৃষ্ণক দেখিয়া প্ৰণাম কৰিলে
 হৈবেক মোক্ষ লোকৰ॥ ১৮৮
কোটি কল্পে যত পাপ আছে কৰি
 সিও তেতিক্ষণে এড়ে।
একৈশ পুৰুষ উদ্ধাৰি বিমানে
 বিষ্ণুৰ পুৰীক লড়ে॥
তিনি শত কল্প ভোগ্য ভুঞ্জে তৈত
 যেন চতুৰ্ভুজ হৰি।
দুনাই শ্ৰেষ্ঠ দ্বিজ কুলত উপজে
 গুণে নাহি তাক সৰি॥ ১৮৯
সৰ্ব্ব-ভূত-হিত- ৰত শান্ত দাতা
 সত্যবাদী সৰ্ব্বজান।
অন্তকালে সিও মুকুতিক পাৱে
 লভিয়া বৈষ্ণৱী জ্ঞান॥
তাত পাছে মন্ত্ৰে  সুভদ্ৰাক পূজি
 প্ৰণামি কৰিব তুতি॥