পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কােৰা বেদান্ততে মােকেসে কহৰে। মােক স্মৰি পাক দহৱে তুষ্ট হুয়া দেখা দিলে আগে । লৈয়াে বৰ ৰাজা যেহি লাগে। ১৪২ স্বপ্নতাে নেদেখে পাপী মােক। তুমি মােৰ মহাভক্ত লােক | যতেক পূজিলা নাহি লেখা। তাতেসে তােক দিলাে দেখা। ১৪৩ শুনি ৰাজা তনু লােমাঞ্চিত। কৰে স্তুতি পড়িয়া ভূমিত। লক্ষীকান্ত তােমাক প্রণাম। তনু যাৰ জ্বলে মেধ-শ্যাম । ১৪৫ কৰে শঙ্খ চক্ষু পদ্ম গা। তুমি শ্ৰীৰ নিৱাস সর্বদা ॥ সুতি থাকা ভুজঙ্গ-শয্যাত। তুমি ব্ৰহ্ম ব্যাপক সাক্ষাত । ১৪৫ তুমি সুক্ষ নির্মল নিগুণ। সৃষ্টি স্থিতি লয়ত নিপুণ। মােক্ষ-পদ জগত-ঈশ্বৰ। কৰৰ পড়ি প্রণাম বিস্তৰ ৷ ১৪৬