পৃষ্ঠা:Kirtan Ghosha.pdf/৬০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯০
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

আসিয়োক ঐক এড়ি সাগৰৰ তীৰ।
তৰু-তলে আমি সৱে থাকো মহাবাৰ॥
এহেন্তে ব্ৰাহ্মণ বিশ্বকৰ্ম্মা-সম গুণী।
এখণে দিবন্ত সাজি প্ৰতিমা আপুনি॥ ১৩৩
হেন শুনি এড়ি ৰাজা সাগৰৰ তট।
তৰু-তলে ৰৈলা চাপি বিপ্ৰৰ নিকট॥
পাছে বিশ্বকৰ্ম্মাক বুলিলা হৰি বাণী।
সাজি তিনি প্ৰতিমা এখণে দিয়া আনি॥ ১৩৪
কৃষ্ণ বলভদ্ৰ আৰ সুভদ্ৰা ভগিনী।
যাৰ যেন লক্ষণ নিৰ্ম্মিয়ো ভিনিভিনি॥
শুনি বিপ্ৰ-ৰূপী বিশ্বকৰ্ম্মা গৈলা লড়ি।
তিনিৰো প্ৰতিমা তেতিক্ষণে দিলা গঢ়ি॥ ১৩৫
প্ৰথমে নিৰ্ম্মিলা বলভদ্ৰ শুক্ল-কায়।
আৰকত আখি ফণী শিৰত শুহায়॥
গাৱে নীল বস্ত্ৰ কৰ্ণে এগোটা কুণ্ডল।
এক হাতে গদা আউৰ হাতত মুষল॥ ১৩৬
কৃষ্ণক নিৰ্ম্মিলা তনু মেঘ-সম জ্বলে।
পদ্ম-সম লোচন শ্ৰীবৎস বক্ষঃস্থলে॥
গাৱে পীত বস্ত্ৰ অস্ত্ৰ চক্ৰ আছে কৰে।
যাক দৰশনে জগতৰে পাপ হৰে॥ ১৩৭