পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৱন-যােবা ঘােষা । একাদশ কীর্তন জয় হৰি গােপাল। জগন্নাথ কৃপালু৷ সাধু সাধু মহাৰাজ। সার্থক ভােমাৰ কাজ ॥ যজ্ঞ দানে ভক্তিভাৱে। তুষিলা আমাৰ পাৱে। ১১৫ কৰা অনুশােচ বৃথা। জানিলাে তােমাৰ কথা ॥ প্রতিমা থাপিবা ঐত। শুনা তাক পাইবা যৈত। ১১৬ ৰজনী-প্রভাতে বীৰ। যাইবা সাগৰৰ তীৰ বৃক্ষক দেখিবা পাছে। জল বল মাজে আছে | ১১৭ ঢউ লাগি সাগৰৰ। নকম্পন্ত তৰুবৰ। হাতত পৰশু লৈয়া। একলে দেখিবা গৈয়া । ১১৮