এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮০
[খণ্ড ২৫
কীৰ্ত্তন-ঘােষা
চৈধ্যয় ভুৱনে হেন থান নাহি
যৈক নতু যাওঁ আমি ॥ ৯৫
কতাে নৰকত থাকো কদাচিত
স্বৰ্গক কৰােহাে গতি।
মনুষ্য-লােকত থাকো কতােবেলা
পশুৰো হওঁ সঙ্গতি॥
জল-যন্ত্র-চক্রে জৰী-বদ্ধ হুয়া
খণ্ড ঘট যেন মতে।
কতো উৰ্দ্ধগতি কতো অধ যাই
কতােহাে থাকো মধ্যতে॥ ৯৬
কর্ম্মে বদ্ধ হুয়া সংসাৰ-চক্ৰত
সেহিমতে ভগৱন্ত।
ভ্ৰমো চিৰকালে কদাচিতো মঞি
দুঃখৰ নেদেখাে অন্ত ॥
মােক শােক-তৃষ্ণা আকুল কৰয়
ভৈলো আতি অচেতন।
কিবা কৰাে আৱে একোকে নজানাে
তােমাতে লৈলাে শৰণ ॥ ৯৭
পা* ৯৬॥ যন্ত্ৰ-জন্তু৷ বদ্ধ-বন্ধ৷ ৯৭॥ মােক-মােহ।