পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ] উৰেষা-নি 49 দ্বিজ শূদ্র ধনী দুখ তপস্বী যতেক। ৰাজ ৰাজ-ভৃত্য অন্যো মনুষ অনেক । সৱাৰে গৃহত বাৰে বাৰে ভৈলাে জাত। অনেকৰ ভৈলে প্রভু ভৃত্য অসংখ্যাত৷ ৯৩ হওঁ কতাে দৰিদ্ৰ ঈশ্বৰ অধিকাৰী । কতাে মােকে মাৰে কতাে ময়াে আছে মাৰি৷ মই আনি কাটো কত মােক ধৰি কাটে। ভণিল শঙ্কৰ ৰাম-নাম বােলা ঝাণ্টে । ৯৪ নৱম কীর্তন ঘােষা ॥ ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দারুণ সংসাৰে। কৃষ্ণৰ চৰণ ছাড়ি আন গতি নেদেখাে হাৰে৷ ৯ পদ ॥ পিতৃ মাতৃ ভ্রাতৃ ৰ্যাৰ সংযােগে কলােহাে মিলে সন্তোষ। তাহাৰ বিয়ােগে কতে শােকে কালো পায়া কতাে অসন্তোষ । দেৱ মনুষ্যত পশু পতঙ্গত জগতমধ্যত স্বামী।