পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ৯] উৰে-বৰ্ণন et> . তােমাৰ ভকত হওঁ যেৰে মঞি জগন্নাথ কৃপা কৰা । সংসাৰ-সাগৰে মজিলাে মাধব আমাক প্ৰভু উদ্ধাৰা । তুমি ব্যতিৰেকে নাহি বন্ধু আন যি মােৰ চিন্তা কয়। তুমি হেন যদি নাথ পাওঁ প্রভু কহিতাে নাহিকে ভয় ॥ ৯৮ তুমি জগদ্ধাতা তােমাৰ চৰণে ভকতি নভৈল যাৰ। তাৰ কুল শীল বিদ্যা ব্যর্থ সরে কি কৰে জীৱন ছাৰ । যিটো মােহ হুয়া তােমাক নিন্দয় অৰ-স্বভাৱ পাই। উপজি উপজি নৰকত পড়ে তাহাৰ নিস্তাৰ নাই । ৯৯ যৈতে তৈতে গৈয়া জন্ম লতাে মঞি আপুন কৰ্মৰ গতি। তৈতে তৈতে হৰি তােমাৰ চৰণে থাকোক দৃঢ় ভকতি ।