পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষা [ খণ্ড. শােক-তৃষ্ণা-উর্মিক দেখস্ত চমৎকাৰ। অত্যন্ত চঞ্চল অনুমাত্রো মুহি সাৰ । মায়ায়ে মােহিল হেন সংসাৰত আতি। চিৰকালে ভ্রমাে প্রভু হুয়া নানা জাতি। ৮৮ লভিলােহাে জন্ম প্রভু অসংখ্য-প্রমাণ। পঢ়িলােহাে বেদ-শাস্ত্র অনেক পুৰাণ । অসন্তোষ সন্তোষক লভিলে আপাৰ। ক্ষয় বৃদ্ধি উদয়কো পাইলট বাৰম্বাৰ ॥ ৮৯ সংযােগ বিয়ােগ শত্রু মিত্র বান্ধৱৰ। দেখিলাে সংসাৰে পিতৃ-মাতৃক বিস্তৰ। সুখ-দুঃখ-অনুভৱ ভৈল অসংখ্যাত। পাইলাে পুত্র ভ্রাতৃ জ্ঞাতি অনেক ইহাত। ৯০ বিষ্ঠা-মুত্রে পচিলাে নাৰীৰ উদত। গর্ভ-বাস-দুঃখ প্রভু পাইলাে নানামত। জানিলােহাে দুঃখ শিশু-যু-বৃদ্ধ-কালে। মৰণ-পীড়াক প্ৰভু জানিলােহাে ভালে। ৯১ যম-পুৰে যেন দুঃখ পাইলে সমস্তকে। জানিলাে যাতনা যেন চৌৰাশী নৰকে। কৃমি কীট হস্তী ঘােৰা মৃগ বৃক্ষ পক্ষী। গৰু উট মহিষ পশুক যত দেখি ॥ ৯২