পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ৮]: উবেষ-বর্ণন চৈতন্য-স্বৰূপে ব্যাপি এক নিৰঞ্জন। তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন। ৮৩ নিচল নিৰ্ম্মল সূক্ষা-ৰূপ যিটো স্বামী। দেৱে যাক নজানন্ত কেনে জানো আমি অপৰ তােমাৰ ৰূপ যাৰ ভুজ চাৰি। পীত বস্ত্রে শােভে শঙ্খ-চক্র-গদা-ধাৰী: ৮৪ পিন্ধি আছা ৰত্নৰ মুকুট টাৰ হাৰ । হিয়াত শ্রীবৎস গলে বনমালা যাৰ। সেহিসে মূৰ্ত্তিক আৰাধন্ত দেৱগণে। তাকেসে ভকতজনে চিন্তে সর্বক্ষণে ॥ ৮৫ বিষয়-সাগৰে মজা কমল-লােচন। ভকত-অভয়-দাতা কৰিয়াে মােচন। তুমি ব্যতিৰেকে আন নেদেখাে কাৰণ। শ্রীমধুসূদন প্রভু হুয়ােক প্রসন্ন ॥ ৮৬ নানাবিধ ব্যাধি জৰা শােকে মােক পীড়ে। কৰ্ম্ম-পাশে বন্ধ ভৈলাে লােভ মােহ নেড়ে। সংসাৰ-সাগৰে জুল বিষয়ৰ ক্লেশ। ইন্দ্রিয় আৱৰ্ত্ত গ্ৰাহ ভৈল ৰাগ-দ্বেষ ॥ ৮৭ পা ৮৩ ॥ অন—সজল। 09