পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৬
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

 নমো বাসুদেৱ মোক্ষ-কাৰণ।
 সংসাৰত মোক কৰা তৰণ॥
 নমো মাধৱক দঁৱায়া মাথ।
 ত্ৰাহি ত্ৰাহি বিষ্ণু জগতনাথ॥ ৮০
 ত্ৰাহি নৰসিংহ দৈত্য-সংহাৰী।
 যিমতে আনিলা ভুমি উদ্ধাৰি।৷
 সেহিমতে মোক কৰা উদ্ধাৰ।
 বৰাহ বিষ্ণুক নতি আমাৰ॥ ৮১
 বলদেৱ আদি মূৰ্ত্তি যতেক।
 গৰুড় প্ৰমুখ্যে অঙ্গ অনেক।৷
 সৱাকো কৰো মই নমস্কাৰ।
 হৰি হৰি বুলি হুয়ো নিস্তাৰ।৷ ৮২


অষ্টম কীৰ্ত্তন

ঘোষা॥ হৰি ত্ৰাহি কৰুণাসিন্ধু।
 গোৱিন্দ জগতবন্ধু॥ ৮

পদ॥ মায়াতেসে দেখিয় বিবিধ পৰিচ্ছেদ।
 স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ।


পা ৮২॥ অঙ্গ-অংশ (অঙ্গানি তৱ দ্ৰেৱেশ-ব্ৰহ্মপুঃ ৪৯৷২১)।