পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৫৭৫
উৰেষা-বৰ্ণন

বিস্ময় ভৈল সুৰাসুৰ নাগে।
উৎসৰ্গি ঘোড়া পাছে মহাভাগে।৷
পুত্ৰগণ মাতি দিলা আদেশ।
যুজ্ঞৰ হয় ৰখা দেশে দেশ।৷ ৭৫
থানে থানে ৰচি সুৱৰ্ণ ৰত্নে।
বিষ্ণুৰ দৌলক সজাইল যত্নে।৷
কৰিল কৰ্ম্ম যত ৰাজ-সুত।
বান্ধিল দৌল আতি অদভুত॥ ৭৬
ৰাজায়ে দৌলক সুসাঙ্গ কৰি।
চিন্তন্ত সদায়ে নিদ্ৰাক এড়ি।৷
কিমতে বিষ্ণুক দেখো সাক্ষাত।
বিষ্ণুৰ প্ৰতিমা পাইবো কথাত।৷ ৭৭
কিমতে আৱে আৰাধিবো হৰি।
প্ৰতিমা থাপো দৌলে কেন কৰি॥
একোমতে তুষ্টি নাহিকে মন।
নকৰে নৃপতি স্নান ভোজন।৷ ৭৮
পৰম চিন্তায়ে আকুল ভৈলা।
বিষ্ণুক পাছে অৰ্চ্চিবাক লৈলা।৷
পঞ্চৰাত্ৰ-বিধি কৰিয়া পূজা।
কৰন্ত স্তুতি ইন্দ্ৰদ্যুম ৰাজা॥ ৭৯