পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উব-বন লােকৰ কৰিয়া পাপ উপাস্ত। দক্ষিণ সাগৰক বহি যান্ত । গঙ্গাৰ সমান তীর্থ বিশেষ। দুয়াে কুলৈ আছে অনেক দেশ। ৪১ হৃষ্ট-পুষ্ট লােক তৈত সদায়। বসনে-ভূষণে ভূষিত কায় । বেদবিদ বিপ্র আছে আপাৰ। প্রত্যহে অগ্নিহােত্র সিজে তাৰ ৫০ সদায় মুগুচে শাস্ত্র-আলাপ। বেদ-ধ্বনি শুনি পলাৰুে পাপ। ক্ষেত্ৰত আছে যত নাৰীগণ। সুৱৰৰ গাৱে শােভে আভৰণ ৫ আয়ত লােচন পদ্মৰ পানি। মুগুচে মুখত ঈষত হাসি। ৰূপে বিদ্যাধী-সম সাক্ষাত। কৰন্ত লয়-লাসে আয়াত ॥ ৫২ অনেক তপস্বী তপ আচৰে। সন্ন্যাসীসৱে বসি ধ্যান কৰে। ব্রহ্মচাৰীসৰৱ ভ্রমন্ত তথা। ক্ষেত্ৰৰ কহিবাে কত ব্যৱস্থা .৫৩