পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[10 কার্বন-যােবা পৰম দুর্লভ ক্ষেত্ৰক পাই। গুণ পাছে ইন্দ্রদ্যুম্ন ৰায় । ঐত আৰাধিবাে বিষ্ণুক আমি। পৰমগুৰু জগতৰ স্বামী ॥ ৫৪ তাহান পৰম ক্ষেত্র প্রকট। তুহিতে আছে কল্প-বৃক্ষ বট। যাক পূজি পাৰে জন্মৰ সীমা। নাহিক বিষ্ণুৰ ঐত প্রতিমা। ৫৫ বান্ধিবাে দৌল কৰি মহাযত্ন। এক স্থান কৰি সুৱৰ্ণ ৰত্ন। যজিবাে যজ্ঞ দিয়া মহাদান। হােৱন্ত হৰি যেন বিদ্যমান। ৫৬ থাপিবােহাে দৌলে তা আপুনি। এহিমতে ৰাজা মনত গুণি। আনিয়া দৈজ্ঞ বিপ্র প্রধান। নির্ণয় কৰিলা দৌলৰ থান। ৫৭ শুভ দিন শুভ যােগ বিচাৰি। থৈলন্ত পূর্ণ কুম্ভ সাৰি সাৰি। বইলা মাঙ্গল্য বাদ্য অনেক। বেদক ঘােযন্ত বিপ্র যতেক ৫৮