পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উৰেবৰ্ণন জগত নিৰ্ম্মিয়া কৰিলা ধ্যান। তেখণে তান ভৈলাে বিদ্যমান সজল মেঘ শৰীৰৰ কান্তি। হিয়াত প্রকাশে শ্রীবৎস-পান্তি। ৩২ তনুক ৰঞ্জে আতি পীত বন্তু। হাতত চক্ৰ ধৰি আছাে অস্ত্র । কমল-লােচন মুখ প্রসন্ন। দেখি ব্রহ্মা উঠি দিলা আসন # ৩৩ অক্ষতে অর্যে পূজি প্রজাপতি। কৰিলা আমাক অনেক স্তুতি। ব্ৰহ্মাক পাছে দিলাে সমিধান কি কার্যে আমাক কৰিলা ধ্যান ॥ ৩৪ হেন শুনি ব্রহ্মা মাতিলা পাছে। কোন মুখ্য সাধ্য লােকৰ আছে । বিনা যজ্ঞ যােগ ব্রত নিয়ম। নকৰি তপ-তীর্থ-পৰিশ্ৰম ৩৫ পাইবেক মহাসিদ্ধি অপ্রয়াসে। কহিয়াে আমাত জগনিৱাসে। কোন বা উত্তম ক্ষেত্র তােমাৰ । বােলা হৰি হৰি তৰা সংসাৰ ৩৬