পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষ কোন কৰ্ম্মে পাৰে সংসাৰপাৰ কহিয়ে মােত কিবা ধৰ্ম্ম সাৰ। কৰুণা আছে দাসী বুলি যদি। গুচায়াে আমাৰ সংশয় ছেদি ॥ ২৭ মাধৱে বােল শুনিয়াে প্রিয়া। আমাৰ কথাত কৰিয়াে হিয়া ॥ আছে মহাক্ষেত্র কৈলাে তােমাত। পুৰুষােত্তম নামে প্রখ্যাত। ২৮ সংসাৰক তৰে তাত নিসে। মহাসিদ্ধি হােৱে আতি অপ্রয়াসে ৷ কীৰ্ত্তনতে যাৰ পাপ পলাই। তিনিও লােকে তাৰ সম নাই । ২৯ নজানে তাক দেৱ সিদ্ধ মুনি। পুত কৰিয়া আছে। আপুনি । আজিসে তােমাত কৰাে বেকত। শুনা সাবধানে তাৰ মহত ॥ ৩০ ব্রহ্মাক মহাপ্রলয়ৰ অন্তে। অজিলে নাভিকমলৰ হন্তে । উপজি মােতে পাছে সৃষ্টিকৰে। জিল চৰাচৰ নিৰৰে। ৩১